Song of Solomon 8

1অহ তুমি মোৰ মাতৃৰ স্তন পান কৰা মোৰ ভাইৰ নিচিনা হোৱা হলে, কেনে ভাল আছিল | তেতিয়া মই আলিত পাই তোমাক চুমা খালোহেঁতেন; তথাপি কোনেও মোক নিন্দা কৰিব নোৱাৰিলেহেঁতেন |

2তাতে, তুমি মোক শিক্ষা দিবৰ নিমিত্তে, মই তোমাক বাট দেখুৱাই মোৰ মাতৃৰ ঘৰলৈ নিলোহেঁতেন; মই তোমাক সুগন্ধি দ্ৰব্য মিহলোৱা দ্ৰাক্ষাৰস, আৰু মোৰ ডালিমৰ ৰস পান কৰালোহেঁতেন | 3তেওঁৰ বাওঁ হাত মোৰ মুৰৰ তলত আছে, আৰু তেওঁৰ সোঁ হাতে মোক আঁকোৱালি ধৰিছে|

4হে যিৰুচালেমৰ জীয়াৰীবিলাক, মই তোমালোকক শপত দি কৈছোঁ প্ৰেমে নিজে ইচ্ছা নকৰেমানলৈকে তোমালোকে প্ৰেমক সাৰ নোপোৱাবা, নজগাবা |

উপস্থিত লোকবিলাকৰ বাক্য|

5নিজ প্ৰিয়ৰ ওপৰত ভৰ দি অৰণ্যৰ পৰা উঠি অহা সৌ জনী স্ত্ৰী কোন ?

চলোমনৰ বাক্য| মই সুমথিৰা টেঙা গছৰ তলত তোমাক সাৰ পোৱাইছিলো; সৌ তাত তোমাৰ মাতৃয়ে তোমাক প্ৰসৱ কৰিছিল, তোমাৰ জননীয়ে সৌ তাত প্ৰসৱ কৰিছিল |

চূলম্মীতৰ বাক্য|

6তুমি মোক মোহৰৰ দৰে হৃদয়ত, আৰু মোহৰৰ দৰে নিজ হাতত ৰাখা; কিয়নো প্ৰেম মৃত্যৰ নিচিনা বলৱান, আৰু অন্তৰ্জ্বালা চিয়োনৰ নিচিনা নিষ্ঠুৰ; তাৰ শিখা অগ্নি-শিখা, সেয়ে যিহোৱাৰ ঠিক বিজুলীৰ নিচিনা |

7জলসমূহেও প্ৰেমক নুমাব নোৱাৰে, আৰু বান পানীয়েও তাক তল নিয়াব নোৱাৰে; কোনোৱে যদি প্ৰেমৰ নিমিত্তে ঘৰৰ সৰ্ব্বস্বও দিয়ে, তথাপি তাক একেবাৰে তুচ্ছ কৰা যাব |

8আমাৰ এজনী সৰু ভনী আছে,তাইৰ আজিলৈকে স্তন হোৱা নাই; সেই ভনীক খোজাৰ দিনা, আমি তাইৰ নিমিওে কি কৰিম?

চূলম্মীতৰ ভায়েক-ককায়েকবিলাকৰ বাক্য|

9তাই যদি গড়স্বৰুপ হয়, তেন্তে আমি তাৰ ওপৰত এটা ৰুপৰ বুৰুজ সাজিম, নাইবা যদি দুৱাৰস্বৰুপ হয়, তেন্তে এৰচ কাঠৰ তক্তাৰে তাক বন্ধ কৰিম |

চূলম্মীতৰ বাক্য|

10মই গড়স্বৰুপ আছিলোঁ, আৰু মোৰ স্তন দুটি তাৰ বুৰুজস্বৰুপ আছিল; এই নিমিত্তে মই তেওঁৰ দৃষ্টিত অনুগ্ৰহ পাওঁতাৰ নিচিনা হলোঁ |

11বাল-হামোনত চলোমনৰ এখন দ্ৰাক্ষাবাৰী আছিল; তেওঁ তাক কেইজনমান ৰখীয়াৰ হাতত সমৰ্পণ কৰিছিল; গুটিৰ নিমিওে প্ৰতিজনে এক এক হাজাৰ চেকল ৰুপ আনি দিবলগীয়া হৈছিল| 12মোৰ নিজৰ দ্ৰাক্ষা-বাৰী হলে, মোৰ সন্মুখত আছে; হে চলোমন, ইয়াৰ সেই এক হাজাৰ তোমাৰেই আৰু দুখ চেকল ৰুপ গুটি-ৰখীয়া কেইজনৰ হব |

চলোমনৰ বাক্য|

13হে উদ্যান-বাসিনী, তোমাৰ লগৰীয়া কেইজনে তোমাৰ স্বৰ শুনিবলৈ কান পাতি আছে; তাক মোকো শুনিবলৈ দিয়া |

চূলম্মীতৰ বাক্য|

14হে মোৰ প্ৰিয়, শীঘ্ৰে ব’লা, আৰু সুগন্ধময় পৰ্ব্বতৰ ওপৰত মৃগ নাইবা যুবা হৰিণৰ সদৃশ হোৱা |

Copyright information for AsmULB